Join us on a literary world trip!
Add this book to bookshelf
Grey
Write a new comment Default profile 50px
Grey
Listen online to the first chapters of this audiobook!
All characters reduced
Nishith trishna - cover
PLAY SAMPLE

Nishith trishna

ৰঞ্জু হাজৰিকা

Narrator Aichengfa Baruah

Publisher: Storyside IN

  • 0
  • 0
  • 0

Summary

ৰঞ্জু হাজৰিকাদেৱৰ "নিশীথ তৃষ্ণা" এখন সাৰ্থক হ'ৰৰ উপন্যাস। উপন্যাসখনিত বৰ্ণিত হৈছে অজান আতংক, ভয়াল শিহৰণ, উদ্বেগ, উত্কণ্ঠাভৰা অপাৰ্থিৱ ভয়ৰ এক সংমিশ্ৰিত কাহিনী। এই কাহিনীত সেইখন জগতৰ কথা লিখা হৈছে যিখন জগতত আছে কম্পিত ৰোমাঞ্চভৰা ভয়চকিত অনুভৱ। কাহিনীটোত ৰশ্মি এগৰাকী অতি সুন্দৰী যুৱতী আৰু ভাস্কৰ এজন আঢ্যবন্ত ঘৰৰ সুঠাম সুন্দৰ চফল ডেকা। সুন্দৰী ৰশ্মিয়ে যেতিয়া ভাস্কৰৰ প্ৰেম প্ৰত্যাখান কৰিলে ভাস্কৰ প্ৰতিশোধৰ দাবানলত জ্বলিবলৈ ধৰিলে আৰু তাৰ সহযোগী বন্ধু দিবাকৰ, অৰুণ, তপন, সূৰ্য আৰু ৰশ্মিৰেই সহপাঠী ৰেখাৰ লগলাগি প্ৰতিশোধৰ এক ভয়ংকৰ পৰিকল্পনা কৰিলে। তাৰে মাজত সূৰ্য নামৰ যুৱকজনে এইবোৰ কৰিবলৈ বাধা দিছিল যদিও শেষত বন্ধুকেইজনৰ হাততেই তাৰ নিৰ্মমভাৱে মৃত্যু হ'ল। ভাস্কৰহঁতৰ এই ভয়ংকৰ পৰিকল্পনাটোত কিদৰে নিষ্পাপ ৰশ্মিৰ মৃত্যু ঘটিছিল আৰু সিহঁতবোৰ কেনেদৰে শেষৰফালে নিজেই ৰচনা কৰা ফান্দত পৰি কঁকবকাবলৈ ধৰিছিল...সেইঘটনাৰ অতি শিহৰণভৰা বৰ্ণনা লেখকে উপন্যাসখনিত আগবঢ়াইছে। ৰশ্মিয়ে মৃত্যুৰ পিছতো কিদৰে এজন এজনকৈ তাইৰ হত্যাকাৰীৰ প্ৰতিশোধ ল'লে, তাইৰ সহপাঠী ৰেখাৰ কি হ'লগৈ, সূৰ্যই কিয় মৃত্যুক সাৱটিব লগা হ'ল....সেইসকলোবোৰৰ উত্তৰ পাবলৈ হ'লে আপোনালোকে "ষ্টৰীটেল"ৰ জগতত বিচৰণ কৰিব লাগিব। গতিকে আহক আমি একেলগে ৰঞ্জু হাজৰিকাদেৱৰ এই হ'ৰৰ উপন্যাসখনি শুনোঁ "ষ্টৰীটেল অসমীয়া"ত...।
Duration: about 3 hours (02:55:54)
Publishing date: 2023-01-01; Unabridged; Copyright Year: 2023. Copyright Statment: —