Doriyoli
গীতালি বৰা
Narrador Tarun Gogoi
Editora: Storyside IN
Sinopse
কবিতা লিখি ভালপোৱা এজন যুৱক দিহাং। কিন্তু কালক্ৰমত কেৱল কবি হৈ নাথাকিল দিহাং। এহাতত মৰণাস্ত্ৰ আৰু আনখন হাতত কলম তুলি লোৱা বিপ্লৱী কবি দিহাং চৰকাৰৰ বাবে হৈ পৰিছিল সন্ত্ৰাসবাদী। মাতৃ - প্ৰেমিকাক এৰি ভূটানৰ কেম্পত সতীৰ্থৰ সৈতে পাৰ কৰা দিহাঙৰ সময়বোৰ কেনে আছিল বাৰু? সতীৰ্থক কথা দি হৰিণ চিকাৰ কৰিবলৈ যোৱা দিহাঙৰ বন্দুকৰ গুলীত আঘাটপ্ৰাপ্ত হৰিণী পোৱালিজনী লৈ অনুতপ্ত হোৱা দিহাঙৰ মনৰ ভিতৰখনত কেনে ধৰণৰ ধুমুহা বলিছিল? মৰম-আদৰেৰে আঘাটপ্ৰাপ্ত হৰিণীজনীক সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল দিহাঙে। তাইৰ নাম দিছিল অসমী। কিন্তু সদায় জানো অসমীক লগত ৰাখিব পাৰিলে দিহাঙে? দিহাঙৰ বা শেষ পৰিণতি কি হ'ল? সতীৰ্থ নয়ন, গোভা আদিকে ধৰি বাকীসকলৰ কি হ'ল? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কথাশিল্পী গীতালি বৰাৰ উপন্যাস 'ডঁৰিয়লি'।
Data de publicação: 15/01/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

