Kolongkito nayok
ৰঞ্জু হাজৰিকা
Narrador দেবাংগ পল্লৱ শইকীয়া
Editorial: Storyside IN
Sinopsis
চহৰৰ মাজ মজিয়াত এখন টেক্সিৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী নাৰীৰ মৃতদেহ। সেই নাৰীৰ নাম অনুৰাধা দাস। গ্ৰেপ্তাৰ হয় টেক্সি চালক বীৰেন্দ্ৰ গগৈ। অথচ বীৰেন্দ্ৰ গগৈয়ে কয় সেই হত্যা তেওঁ কৰা নাই। সেই হত্যাৰ পম খেদি পুলিচ বাহিনী আৰু চৰকাৰী ডিটেকটিভ দেৱজিত ফুকনে খবৰ পাই এক বিৰাট চোৰাং সোণৰ কাৰবাৰৰ আৰু তাৰ সন্ধানত নামি পৰে তেওঁলোক। আনহাতে সেই একে হত্যাৰ পম খেদি প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ আৰু সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা লগ হয় তেওঁলোকৰ। টেক্সি চালক বীৰেন্দ্ৰ গগৈৰ পৰা অনুৰাধাৰ হত্যাকাৰীৰ নাম যে বাসু সেই কথা সন্দেহ কৰে পবিত্ৰ লহকৰে। কিন্তু কোন এই বাসু? অনুৰাধাৰ সৈতে চিনাকি মানুহৰ খবৰ লওঁতে কমেও চাৰি-পাঁচ জনৰ নাম বাসু বুলি ভবাৰ থল ৰৈ গৈছে। তেনেস্থলত অনুৰাধাই কাক বাসু বুলি মাতিছিল? আৰু অনুৰাধাক হত্যা কৰাৰ কাৰণেই বা কি আছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "কলংকিত নায়ক"।
Duración: alrededor de 4 horas (04:00:37) Fecha de publicación: 19/05/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —

