Antahin
শৰ্মিষ্ঠা প্ৰীতম
Narrateur Devanga Pallav Saikia
Maison d'édition: Storyside IN
Synopsis
মানুহক উজ্জীৱিত কৰিব পৰা এক ব্যক্তিত্ব, বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি সম্পন্ন নিক ভয়েচিচ। জন্মগতভাৱে কোষৰ এক জটিল ৰোগত আক্ৰান্ত হৈ হোৱা নিকৰ জন্ম হওঁতেই এখনো হাত আৰু ভৰি নাছিল। এনে নিৰ্মম শাৰীৰিক প্ৰতিকূলতাক লৈ জন্ম হোৱা নিকৰ জীৱন কেনে আছিল? স্থবিৰ হৈ পৰিছিল নেকি তেওঁৰ জীৱন? জীৱনৰ এনে প্ৰত্যাহ্বানক তেওঁ কেনেকৈ গ্ৰহণ কৰিলে? জীৱনটোক কেনেদৰে আগবঢ়াই নিছিল নিকে? শাৰীৰিক অক্ষমতাই তেওঁৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল। কিন্তু নিকে নিজৰ লগতে আন দহজনৰ জীৱনো পোহৰময় কৰি তুলিছিল। কেনেকৈ সম্ভৱ হৈছিল এই কাৰ্য? মানসিকভাৱে হতাশাগ্ৰস্ত লোকৰ জীৱনলৈ এছাটি আশা ছটিওৱাৰ বাবে নিকে নিজৰ জীৱনটোক উৎসৰ্গিত কৰিছে। দহজনৰ বাবে প্ৰেৰণা হোৱা নিকৰ এই জীৱন কাহিনী।এই সকলোখিনি জানিবল 'ষ্টৰীটেল' যোগে শুনক লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস 'অন্তহীন'।
Date de publication: 01/04/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —

