Xex Dour
মৃদুল শৰ্মা
Narrateur Atanu Bhattacharya
Maison d'édition: Storyside IN
Synopsis
বলেন আৰু ভবেন দুই বন্ধু। সৰুৰে পৰাই সিহঁতৰ মাজত যদিওবা বন্ধুত্ব আছে, তাৰ মাজতে দুয়োটাৰে মনত আছে তীব্ৰ প্ৰতিযোগিতাৰ ভাব। সময়বোৰ আগবাঢ়ে। সময়ৰ লগে লগে বলেনে আৰ্মিত যোগদান কৰে। কিন্তু তাৰ বিপৰীতে ভবেন হৈ এটা চোৰ। দুয়োটাৰে জীৱন হৈ পৰে বিপৰীতমুখী। কিন্তু হঠাৎ ভবেনে তাৰ চুৰি বিদ্যা এৰি মণ্ডলৰ লগত কামত ধৰে। দোপত দোপে মণ্ডলৰ উন্নতি হয় ভবেনৰ কৰ্মঠ হাতত। কিন্তু কোনেও নাজানে তাৰ আঁৰত যে আছিল মণ্ডলৰ জীয়েক জমকীৰ প্ৰতি ভবেনৰ দুৰ্বাৰ প্ৰেম। সেনা জোৱান বলেন ঘৰলৈ আহি বিয়া ঠিক কৰে। সি বন্ধু ভবেনক খবৰ দিয়ে যে ঘৰৰ পৰা তাৰ বিয়া ঠিক কৰিছে। কইনা মণ্ডলৰ জীয়েক জমকী। সৰগ ভাগি পৰে ভবেনৰ মূৰত। বিয়াৰ পিছত জমকী গুছি যায় বলেনৰ সৈতে। কিন্তু ভবেনৰ কি হ'ল ? বলেনৰ সৈতে সি যেন প্ৰতিযোগিতাত হাৰি গ'ল। মন ভাগি পৰে তাৰ আৰু জীৱনৰ শেষ দৌৰ মৰাৰ সিদ্ধান্ত লয়। কিন্তু কি এই শেষ দৌৰ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'শেষ দৌৰ'।
Date de publication: 10/10/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

