Igloo
মণিকা দেৱী
Narrateur Sarmistha Chakravorty
Maison d'édition: Storyside IN
Synopsis
আইজনীৰ জ্বৰ। গাত বসন্ত। জ্বৰ-বসন্তৰ তাপত আইজনীৰ ঘনেপতি মনত পৰে তাইৰ আয়েকলৈ। ইহকালত নৰিয়াত ভুগি আইজনীয়ে পৰকালৰ বৰফ-শীতল শেতেলিত পৰি ৰোৱা মাকৰ সৈতে কথা পাতে। কথা পাতি পাতি একোবাৰ তাই মাক হয়, আন একোবাৰ হয় জীয়েক। তাইৰ ভিতৰত জন্ম হয় অন্য এক সত্তা। ভাবনাৰ চাকনৈয়াত চাক লৈ লৈ উঠি আহে তাইৰ গৰ্ভৰ পৰা আয়েকৰ সত্তা। মণিকা দেৱীৰ 'ইগলো' এক শোক-গাথা। মাক-জীয়েকৰ কথোপকথনেৰে ছন্দোময় ৰূপ লোৱা এই গল্পটোৰ এনে এক শক্তি আছে যে তাৰ পাঠে পাঠকৰ বুকুত অসহনীয় এটি বিষ তোলে। সেই বিষ আইৰ গৰ্ভৰ নিহালিখন মেৰিয়াই লবলৈ নোপোৱাৰ বিষ। এই বিষ জননীৰ সেই চিৰায়ত আব্দাৰৰ পৰা বঞ্চিত হোৱাৰ বিষ।
Durée: 9 minutes (00:09:04) Date de publication: 15/01/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

