Aagontuk
চয়ানিকা ডেকা
Narrateur Tarun Gogoi
Maison d'édition: Storyside IN
Synopsis
সাম্প্ৰতিক ঘটনা, ইতিহাস আৰু কল্পবিজ্ঞানৰ এক অনন্য ফিউজন প্ৰখ্যাত কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ এই প্ৰথমখন উপন্যাস 'আগন্তুক'। লেখকে নিজে অৱশ্যে এই উপন্যাস খনক কল্পবিজ্ঞানভিত্তিক বা সামাজিক উপন্যাস বুলি কোৱাৰ পৰিৱৰ্তে কৈছে এক ধাৰণাভিত্তিক কল্পকথা (Conceptual Fiction) বুলিহে। অক্লান্ত নামৰ এগৰাকী সাংবাদিকক মূল চৰিত্ৰ হিচাপে লৈ আগবঢ়া উপন্যাসখনত ঔপন্যাসিকে অসমৰ অশান্তজৰ্জৰ এছোৱা সময়ৰ সৈতে ইতিহাস আৰু কল্পবিজ্ঞানক একেলগে যেনেদৰে বান্ধিছে সেয়া সঁচায়ে অনন্য। উগ্ৰপন্থী, সৈন্যবাহিনী আৰু সমাজ এই তিনিওক লৈ এক প্ৰতিবেদন তৈয়াৰ কৰিবলৈ গৈ কেনে এক পৰিস্থিতিত সোমাই পৰিল অক্লান্ত, হঠাৎ কৰ পৰা আহিল এক অজান ধাতুৰে গঢ়া এখন ফলি, সঁচাকৈ বেলেগ গ্ৰহৰ প্ৰাণীয়ে আহি বাহৰ পাতিছিল নেকি অসম-অৰুণাচল সীমান্তৰ ঘন অৰণ্যত! এই সকলোখিনি জানিবলৈ শুনক সাহিত্য অকাডেমি আৰু সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত হৰেকৃষ্ণ ডেকাৰ উপন্যাস 'আগন্তুক'।
Date de publication: 15/03/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

