Rang
শৰ্মিষ্ঠা প্ৰীতম
Narratore Mayuri Dutta
Casa editrice: Storyside IN
Sinossi
জীৱনৰ বগা কলা ৰং এসোপা লৈ জীয়াই থাকে পৰিধি। বেলিয়ে এৰি থৈ যোৱা আকাশখনে বিষণ্ণ কৰি তোলা ছোৱালীজনী। মাক আৰু বৰদেউতাকৰ সৈতে থকা পৰিধিৰ জীৱনৰ বাটটো বৰ সুখকৰ নহয়। মদাহী পিতৃৰ অত্যাচাৰে বৰ কম বয়সতে তাইক কৈ গৈছিল যন্ত্ৰণা কি হয়। বৰ সৰল পৰিধিৰ মন। সেইকাৰণে হয়তো বাৰে বাৰে যন্ত্ৰণাত দগ্ধ হয়। এটা সময়ত সদম্ভে থিয় হৈ থকা বৰদেউতাক যেতিয়া অসুস্থ হৈ শৰ্যাশায়ী হৈ পৰে, তেতিয়া পৰিধিৰ বুকুত হাজাৰ বিষে একেলগে ক্ৰিয়া কৰে। অপমৃত্যু হোৱা ককায়েকৰ কথাই সকলো সময়তে বিষণ্ণ কৰি ৰাখে পৰিধিক। তাৰ পিছতো পৰিধিয়ে হাঁহিবলৈ চেষ্টা কৰে। প্ৰিয় পুৰুষৰ হাতত ধৰি পৰিধিয়ে অকনমান সুখ বুটলিবলৈ বিচাৰে। কিন্তু পাব জানো পৰিধিয়ে সেই সুখ। প্ৰেমিকৰ মাতৃয়ে কৰা অপমানে আঘাট নাহানিবনে পৰিধিৰ আত্ম সন্মানত। তেন্তে কি কৰিব পৰিধিয়ে। পলায়ন? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস 'ৰং'
Data di pubblicazione: 01/07/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —

