Eipine Ki Ace
Sanjib Deka
Narratore Chinmay Kakati
Casa editrice: Storyside IN
Sinossi
গাঁৱৰ বৰ মানুহৰ পুতেকৰ কামনাৰ বলি হোৱা তৰামাই যেতিয়া গাঁৱখনৰ প্ৰতিজন মানুহৰ বাবে কলংকিনী হৈ পৰিল, তেতিয়া তাইৰ কাষত থিয় দিয়া একমাত্ৰ ছোৱালীজনী আছিল তাইৰ সখীয়েক নিৰ্মলা। কিন্তু নিৰ্মলাই পাৰিলে জানো সখীয়েকৰ কলংক মুচিবলৈ? আকাল কি সেই সকলোৱে অনুধাৱন কৰিব নোৱাৰে। যদি পাৰিলেহেঁতেন তেতিয়া ভোগেশ্বৰীয়ে জানো দিনে ৰাতিয়ে লঘোণে পাৰ কৰিবলগীয়া হ'লহেঁতেন ? এটা ৰাজনৈতিক দলৰ এখন বেনাৰ হেৰুওৱাৰ পৰা পুলিচ নাৰায়ণ কাকতিৰ শোৱন-খাৱন নোহোৱা হৈছিল। বেনাৰ চুৰ বিচাৰি বিচাৰি যেতিয়া কাকতিয়ে উদ্ধাৰ কৰিলে যে এগৰাকী মহিলাই সেই বেনাৰ লৈ পেটিকোট চিলাবলগীয়া হৈছে, তেতিয়া কাকতিৰ ক'ব লগীয়া বা কৰিবলগীয়া কোনো কামেই নাথাকিল। এনেকুৱাকৈও আকাল হ'ব পাৰে কিছুমানৰ বাবে। সময়ে গ্ৰাম্য জীৱনলৈ অনা বিবিধ পৰিৱৰ্তন আৰু ই সৃষ্টি কৰা মূল্যবোধৰ দ্বন্দ্বক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা এমুঠিমান গল্প। সমাজত প্ৰচলিত taboo ৰ বিস্তৃত বৰ্ণচ্ছতাত কৰ্তৃত্বশীল গোটে প্ৰান্তীয়জনক কৰি অহা শোষণ অৱদমনৰ মৰ্মস্পৰ্শী চিত্ৰ, সমসাময়িক ৰাজনৈতিক কাঠামোৰ ৰুগীয়া স্বৰূপ, জৈৱিক প্ৰাণশক্তিৰে প্ৰোজ্জ্বল মানৱীয় সম্বন্ধৰ গতিশীলতাৰ চিত্ৰায়ন। দৰঙৰ কথ্য ভাষাৰ ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মিত কেইটামান গল্প। কি আছে এই গল্প সমূহত । এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক গল্পকাৰ সঞ্জীৱ পল ডেকাৰ ২০১৯ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপ্ত গল্প সংকলন 'এইপিনে কি আছে'
Data di pubblicazione: 18/03/2023; Unabridged; Copyright Year: 2023. Copyright Statment: —

