Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Mrigotrishna - cover
RIPRODURRE CAMPIONE

Mrigotrishna

গীতালি বৰা

Narratore Pranami Das

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

বিভিন্ন সময়ৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত ৰচিত এমুঠি গল্প। এই গল্প সমূহে সেই সময়ৰ সামাজিক ব্যৱস্থাৰ প্ৰতিফলন কৰিছে। সৰ্বমুঠ ৯ টা গল্প। গল্প সমূহৰ মাজত প্ৰেম-প্ৰতাৰণা, দ্বন্দ্ব-সংঘাতৰ মাজতো গল্পকাৰে গাই গৈছে জীৱনৰ গান। পৰিয়ালৰ বৰ পুত্ৰ বীৰেন্দ্ৰ কুমাৰ স্বভাৱতে অলপ খুহুতীয়া। দুই ভাতৃ, তিনি ভগ্নীৰে সৈতে আটাইকেইজনেই থাকে ঘৰৰ পৰা আঁতৰত। হঠাতে গোটেইকেইজন ভাই-ভনীক দেউতাকে ঘৰলৈ মাতি পঠাই। কাৰণ কি? বীৰেন্দ্ৰ কুমাৰৰ ডাঙৰ ভগ্নী নীলাম্বৰী ওৰফে নীলাৰ বাহিৰে তাৰ কাৰণ সকলোৰে ওচৰত ৰহস্য। বাটত সহযাত্ৰী হয় বহু কেইগৰাকী যাত্ৰী। তাৰ মাজতে থাকে মিনতি। সেইখিনিতে সোমাই থাকে আৰু এটা ৰহস্য। ৰহস্যৰ পিছত ৰহস্য। এটা উৎকণ্ঠাৰে ভৰা গল্প 'সহযাত্ৰী'। সেউজীয়া প্ৰকৃতিৰ কোলাই,বোকোচাই বাগৰি ডাঙৰ হোৱা এহাল মিৰি ডেকা-গাভৰু। সিহঁতৰ মাজত আছে ভালপোৱাৰ সম্পৰ্ক। কৰ্মৰ খাতিৰত টাউনলৈ বুলি ওলাই যোৱা ডেকা মঙলাৰ ওচৰত তাৰ ৰূপহী প্ৰেমিকা বৃন্দাৰ আব্দাৰ 'তই ৰঙীন সূতানেছা আনিবলৈ নাপাহৰিবি দেই'। প্ৰেমিকাৰ আব্দাৰ ৰাখি ৰঙীন সূতা লৈ ৰঙীন সপোনত বিভোৰ মঙলা। আৰু হঠাৎ! প্ৰকৃতিৰ কোলাতে ডাঙৰ হোৱা মঙলা, বৃন্দাৰ জীৱনলৈ নামি আহিল প্ৰকৃতিৰ অভিশাপ।এই অভিশাপৰ পৰা  উদ্ধাৰ পালেনে মঙলা, বৃন্দাই? সংকলন খনিৰ শিৰোনাম গল্প 'মৃগতৃষ্ণা'ৰ লগতে অন্য গল্পকেইটাৰ কথনশৈলীয়ো নিশ্চিতভাৱে মুগ্ধ কৰিব আপোনাক।
Data di pubblicazione: 18/07/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —