Morubhumit Menoka aru Onyanyo
অৰূপা পটংগীয়া কলিতা
Erzähler মিনাক্ষী দেৱী
Verlag: Storyside IN
Beschreibung
মডেল এমিলি পেছাগত ভাবে চিকিৎসক। চিকিৎসা সম্পৰ্কীয় কিছু কামৰ বাবে এমিলি যাবলগীয়া হয় কিচানগড় নামে এক মৰু অঞ্চলত। যোৱাৰ সময়ত এমিলিয়ে চকুত বান্ধি নিয়ে এটা সপোন, মিহি চিলাই কৰা এযোৰ মৰু কন্যাৰ কাপোৰ, মাটিৰ কলহ, ভৰিত পায়েল, হাতত খাৰু পিন্ধি তুলিব এখন ফটো। কিন্তু! প্ৰকৃততে হ'লগৈ নে তেনে? সেই ঠাইত উপস্থিত হৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল এমিলিহঁত? টকাৰ ধনী চৌধুৰী পৰিয়ালৰ জীয়াৰী বিয়াৰ কন্যা উলিয়াই দিয়াৰ পিছত হঠাতে হোৱা দোৱা লাগিল। এগৰাকী তিৰোতাই উচুপি উঠিল এযোৰ হালধীয়া হাৱাই চেণ্ডেল বিচাৰি। কিন্তু কিয়? কি কাৰণে এযোৰ হাৱাই চেণ্ডেলৰ বাবে কান্দি উঠিল চৌধুৰী পৰিয়ালৰ সৰু বোৱাৰী? এনে বহুকেইটা প্ৰতিবাদৰ কাহিনী। নিৰ্বাচিত, শোষিত মানুহৰ প্ৰতি প্ৰেম ভালপোৱা আৰু শোষণ নিৰ্যাতন অত্যাচাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদৰ এমুঠি গল্প। সন্ত্ৰাসবাদৰ পৰা নাৰী মুক্তিলৈকে, সামাজিক দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পাৰিবাৰিক অন্তঃসাৰশূণ্যতা আৰু ভঙ্গুৰতালৈকে বিভিন্ন বিষয় বস্তুৰ মনোগ্ৰাহী এখন গল্প সংকলন। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ গল্প সংকলন "মৰুভূমিত মেনকা আৰু অন্যান্য"।
Dauer: etwa 6 Stunden (05:49:58) Veröffentlichungsdatum: 30.04.2022; Unabridged; Copyright Year: 2022. Copyright Statment: —

